Thursday, November 4, 2010

এটি কবিতা তোমালৈ........

অস্তমিত সুৰুযৰ
কিৰণত সৃষ্ট তুমি
সপ্ত সেৰীয়া ৰামধেনু,
মোৰ কল্পনাৰ---
কাৰোবাৰ অতীতৰ
নতুবা
পাটগাভৰু তুমি নিজম নিশাৰ
নে এপাহী সৰা শেৱালী
কোনো ৰিক্ত হৃদয়ৰ?

অতীতক খামুচি ধৰি
অভিভুত হৈ
পাৰিছাজানো ৰাখিবলে
কলা-বগা সেই অতীতক!
বিব্ৰত হৈ পৰা ক্ষনবোৰ
সোনোৱালী সপোন আৰু..
থান-বান হৈ পৰা
সেই সোনালী ডাৱৰবোৰোচোন আজি আৰু নাই।

তুমি খনিকৰ
স্পন্দনহীন কলিজাক
প্ৰাণ ঢালি দিব পৰা তুমি কাৰিকৰ
মোৰ কল্পনাৰ
কাৰোবাৰ অতীতৰ।

নোহোৱা জানো তুমি
পাট গাভৰু ষোল্ল বসন্তৰ..
নতুবা
সপ্ত সেৰীয়া সেই ৰামধেনু
কোনো এক নিজম নিশাৰ?????

about be! মোৰ বিষয়ে!

মগজুৰ মাইক্ৰ'চিপছত সঘনাই বিজুতি ঘটা
বহুধাবিভক্ত মানসিকতাৰ
মই এটি আৰ্হি মাথো ।

এ-আকাশ জোনাক
আৰু
ভৰদুপৰীয়া বিচাৰি ফুৰো
এমুঠি জোনাকী পৰুৱা......

কাৰোবাৰ দুচকুৱেদি চোৱাৰ প্ৰয়াস কৰো
শৰতৰ সন্ধিয়াৰ কাঁচিজোন,
জোনাক আৰু জোনাকী পৰুৱা ।

মন যায় .....
দুবৰীৰ দলিচাত শৰতৰ শেৱালী হবলৈ
ভালপাওঁ  .....
প্ৰভাতী পখিৰ মিশ্ৰিত কোলাহল
মাজনিশা ভাঁহি অহা
সংগী পিপাসু এজাক উইচিৰিঙাৰ ঐক্যতান ।

বিচাৰো .....
শৰতৰ আবেলি আকাশত দিকভ্ৰান্ত এচকলা শুকুলা ডাৱৰ
এযোৰ কাঁচি জোন
এচাতি মলয়া
এখন উকা কেনভাছ
হেৰোৱাজনৰ কলা-বগা স্মৃতিৰ তুলিকা
ষ্ট্ৰিং চিঙা এখন গিটাৰ
আৰু
এপেগ হুইস্কি !!!!